Watch | Dergaon News: দেৰগাঁৱত চিলনী চোৰৰ তাণ্ডৱ
দেৰগাঁও: দেৰগাঁৱত চিলনী চোৰৰ তাণ্ডৱ ৷ নিশা গল্ড হাউচ জুৱেলাৰীৰ মালিকৰ পৰা কেইবা লক্ষাধিক সোণৰ অলংকাৰ আৰু নগদ ধন কাঢ়ি নিয়ে ডকাইতে ৷
দেৰগাঁৱত সংঘনাই সংঘটিত হৈছে অপৰাধজনীত ঘটনা। চুৰি ডকাইতৰ দৰে ঘটনাই আতংকিত কৰিছে দেৰগঞাক৷ বুধবাৰে নিশা দেৰগাও মাজমজিয়াত সংঘটিত হয় ডকাইটি ঘটনা ।
দেৰগাঁও মাৰোৱাৰী ধৰমশালাৰ সন্মুখত থকা গল্ড হাউচ জুৱেলাৰী নামৰ এখন গহনা দোকানৰ স্বত্বাধিকাৰী পিনটো ঘোষ নামৰ ব্যক্তি জনে নিশা প্ৰায় ৮.৪৫ বজাত নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা গৃহ অভিমুখী পথত মটৰ চাইকেলেৰে অহা দুজন অজ্ঞাত যুৱকে তেওঁক আক্ৰমণ কৰে আৰু তেওঁৰ লগত থকা বেগটো কাঢ়ি লৈ পলায়ন কৰে। বেগটোত কেইবা লক্ষাধিক অলংকাৰ আৰু নগদ ধন সহ গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল ৷ বৰ্তমানলৈকে কোনো লোকক এই সংক্ৰান্ত আৰক্ষীয়ে আটক কৰিব পৰা নাই।
লগতে পঢ়ক:-Watch | Boko News: বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু