Local, Vocal, Global

Watch | Boko News: বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

বকো: বকোত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু । মৃত যুৱকজন হল কালিয়াবড়ি গাঁৱৰ বিজয় দাস(২৬)বুলি জানিব পৰা গৈছে। গৰু এৰাল দিবলৈ গৈ থকা অৱস্থাত চিঙি থকা টাঁৰ লাগি বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হয় যুৱকজনৰ। ততাতয়িয়াকৈ পৰিয়ালৰ লোকে বকো স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও ইতিমধ্যে যুৱক জনৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে। বিদুৎ বিভাগৰ গাফলতিৰ বাবে এনে দুৰ্ঘটনাত সংঘটিত হোৱা বুলি দাবি কৰে স্থানীয় লোকে। বকো আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালে।

লগতে পঢ়ক : Watch | Bilasipara News: বিলাসীপাৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান