WATCH | Congress Protest Against Gir Cow Scam: গীৰ গাই বিতৰ্ক সন্দৰ্ভত গৰুখুঁটিত প্ৰতিবাদ কংগ্ৰেছৰ
দৰং,১জুলাই : সমগ্ৰ ৰাজ্যৰ লগতে আদি দৰং জিলাটো গৰু কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।গৰু কেলেংকাৰীৰ অভিযোগত শাসক পক্ষৰ বিৰুদ্ধে দৰং ৰাজপথ কঁপালে কংগ্ৰেছে ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি দুগ্ধ প্ৰকল্পৰ নামত ৰজাসাহায্য, গৰুখুঁটিৰ গীৰ গাইৰ নামত কেলেংকাৰী আৰু সাংবাদিকক তুচ্ছ-তাচ্ছিল্য কৰা আদি বিষয়ক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী হিচাপে চৰ্চিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ নামত ৫০ লাখ টকাৰ ৰাজসহায্যৰ পৰাই সৃষ্টি হয় সকলো বিতৰ্কৰ । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নীৰ দুগ্ধপামৰ নামত ৫০ লাখ টকাৰ ৰাজসহায্য লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই মন্ত্ৰী পত্নীৰ ফাৰ্মত থকা গীৰ গাই গৰুখুঁটি প্ৰকল্পৰ বাবে অনা ৩০০ জনী গাইৰ ২০ জনী গাই ক্ৰয় কৰি লোৱাৰ তথ্য মন্ত্ৰীগৰাকীয়ে নিজেই ৰাজহুৱা কৰাৰ পাছতেই বিষয়টোক লৈ অধিক চর্চা আৰম্ভ হয় ৰাজ্যৰ বিভিন্ন মহলত ।
গৰুখুঁটি প্ৰকল্পৰ গৰুৰ মৃত্যু, ক্ৰয়-বিক্ৰয় আদি নিমিলা অংকক লৈ ব্যস্ত হৈ পৰিছে বিৰোধী দলসমূহো । মঙলবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে গো-মাতাৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি দৰঙত গৰু লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে(Congress Protest Against Gir Cow Scam)।
দৰঙৰ ৰজাপথত গৰু কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰে কংগ্ৰেছে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দৰং জিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী ৰিজুমনি তালুকদাৰৰ লগতে যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম আৰু কংগ্ৰেছৰ বহু নেতা-কৰ্মী । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে ।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে উত্থাপিত গৰুখুঁটিৰ গীৰ গাই, ৰাজসাহায্যৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগৰ তদন্ত কৰিবলৈ দাবী জনায় দৰং জিলা কংগ্ৰেছ কমিটীয়ে।
লগতে পঢ়ক : WATCH | Cachar News : কৰ্তব্যক অৱহেলা কৰি তাচ খেলাত ব্যস্ত একাংশ বনকৰ্মী