Local, Vocal, Global

Watch | Bilasipara PDS Rice Seized: বিলাসীপাৰাত অব্যাহত আছে বগা চাউলৰ কলা বেহা

বিলাসীপাৰা: বিলাসীপাৰাত অব্যাহত আছে বগা চাউলৰ কলা বেহা।বিলাসীপাৰা একাংশ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াক মেনেজ কৰি দীৰ্ঘ দিনৰ পৰাই চলাই গৈছিল এই কলা বেহা।


তেনে চোৰাং চাউলৰ কলা বেহাৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমা দণ্ডাধীশৰ অভিযান। অভিযান নায়েৰ আলগা সংযোগী ঘাইপথৰ কাঠালদিৰ পৰা জব্দ কৰে এখন বলেৰো ভৰ্তি প্ৰায় ২৫ ৰ পৰা ৩০ কুইন্টল চোৰাং চাউল।
চোৰাং চাউল খিনি সুলভ মূল্যৰ ৰাজহুৱা বিতৰণ বুলি জানিব পৰা গৈছে। চোৰাং চাউল খিনি বহি: ৰাজ্যৰ মেঘালয়ত সৰবৰাহৰ সন্দেহ।


দণ্ডাধীশৰ উমান পাই চাউল মাফিয়া জিয়াৰুল ওৰফে বাবু গাড়ী এৰি পলায়ন কৰে। সম্প্ৰতি জব্দকৃত বলেৰো ভৰ্তি চোৰাং চাউল সমূহ সম জিলা আয়ুক্ত কাৰ্যালয়ত ৰাখি চাউল মাফিয়াৰ বিৰূদ্ধে তদন্ত অব্যাহত ৰাখিছে যোগান বিভাগে। এতিয়া প্ৰশ্ন চোৰাং চাউল মাফিয়া জিয়াৰুল আৰু ইয়াৰ লগত হক উপাধি মষ্ট চাউল মাফিয়া জালত পৰিব নে নাই সেয়া সময়ত লক্ষ্যনীয় হ’ব।