Watch | The demise of the satradhikar of the Dolgoma Mahapurushia Satra: গোৱালপাৰাৰ দলগোমা মহাপুৰুষীয়া সত্ৰৰ সত্ৰাধিকাৰ কমল অধিকাৰীৰ বিয়োগত অঞ্চলৰ জুৰি শোকাকুল পৰিৱেশ

দুধনৈ: দলগোমা মহাপুৰুষীয়া সত্ৰৰ সত্ৰাধিকাৰৰ বিয়োগত শোকাকুল পৰিৱেশ।গোৱালপাৰাৰ দলগোমা মহাপুৰুষীয়া সত্ৰৰ সত্ৰাধিকাৰৰ বিয়োগত অঞ্চলৰ এক অপুৰনীয় ক্ষতি হয়। দীৰ্ঘদিনে চিকিৎসাধীন অৱস্থাত আছিল সত্ৰাধিকাৰ কমল অধিকাৰী। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি বৃহস্পতিবাৰে শেষ নিঃশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ কমল অধিকাৰীয়ে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬৭ বছৰ। জটিল ৰোগত আক্ৰান্ত সত্ৰাধিকাৰ গৰাকী বহি: ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছিল, অধিকাৰীৰ মৃত্যুৰ পিছতে তেওঁৰ দলগোমাষ্ঠিত বাসভৱনত ভিৰ কৰে অগণন গুণমুগ্ধই। ১৯৫৮ চনত জন্ম গ্ৰহণ কৰা প্ৰয়াত কমল অধিকাৰী প্ৰায় ৩৫ বছৰ সত্ৰখনত সত্ৰাধিকাৰ পদত অধিষ্ঠিত আছিল।
আজি শুক্ৰবাৰে তেওঁৰ নশ্বৰ দেহ সমদোলেৰে স্বগৃহৰ পৰা দলগোমা মহাপুৰুষীয়া সত্ৰলৈ নিয়ে, পাছত অন্ত্যেষ্টিক্রিয়াৰ বাবে শ্মশানলৈ নিয়া হয়। সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত সমগ্ৰ গোৱালপাৰা জিলাতে শোকৰ ছাঁ পৰিছে ।