Local, Vocal, Global

Watch | Dhemaji News: ধেমাজিৰ বৰদলনি জ্যোতি প্ৰকাশ সংঘই আয়োজন কৰি অহা ৰাভা দিৱসে পূৰ্ণ কৰিলে গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ

ধেমাজি: আজি বিষ্ণু ৰাভা দিৱস ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাভা দিৱস ৷ ধেমাজিৰ বৰদলনি জ্যোতি প্ৰকাশ সংঘই আয়োজন কৰি অহা কেন্দ্ৰীয় ৰাভা দিৱসটিয়ে পূৰ্ণ কৰিলে গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ ৷ জ্যোতি প্ৰকাশ সংঘই বৰদলনিৰ পেঞ্চনাৰ ভৱনৰ বাকৰিত দুদিনীয়াকৈ আয়োজন কৰিছে কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ বৰ্নাঢ্য কাৰ্যসূচী ।

পুৱা বৃক্ষৰোপণ ৰ পিছতেই জ্যোতি প্ৰকাশ সংঘৰ সভাপতি পংকজ দত্তই মূল পতাকা উত্তোলন কৰাৰ লগতে ২৪খনকৈ পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তি সকলে ।

দিনৰ ভাগত ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু সন্ধিয়া নাট মঞ্চষ্ঠ হ’ব ৷ কাইলৈ মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগতে বিঞ্চু প্ৰসাদ ৰাভাৰ কনিষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰিব ৷ বৰদলনি কেন্দ্ৰীয় ৰাভা দিৱসৰ থলীত এতিয়া উখলমাখল পৰিৱেশ ৷