Local, Vocal, Global

Watch | Corruption in the implementation of the Arunoday scheme in Goalpara: গোৱালপাৰাত অৰুণোদয় আঁচনি ৰূপায়ণত দূৰ্নীতি

গোৱালপাৰা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোৱালপাৰাত অৰুণোদয় আঁচনি ৰূপায়ণ দূৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । জিলা খনৰ ঠাইয়ে ঠাইয়ে এই আঁচনি ৰূপায়ণত হোৱা খেলিমেলিৰ তদন্তৰ দাবীত ধৰ্ণা- প্ৰতিবাদ অব্যাহত আছে । আজি সুতৰপাৰা গৰুপোৰাটাৰীতো অৰুনোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে পথৰ দাতিত মুকলি প্ৰতিবাদ সাব্যস্ত কৰে । গোৱালপাৰা পূৱ সমষ্টিৰ নৱাগত শিমলীতোলা পঞ্চায়তৰ অন্তৰ্গত এইসকল হিতাধিকাৰীয়ে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য উক্ত অঞ্চলৰ উপযুক্ত হিতাধিকাৰীক সম্পূৰ্ণ বঞ্চিত কৰি ধনী, আৰু চাকৰিয়ালৰ পৰিয়ালৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভূত কৰা বুলি অভিযোগ কৰে প্ৰতিবকাৰী সকলে ।