Watch | Another tragic incident in Jorhat: যোৰহাট পুলিবৰত শোকাৱহ ঘটনা
যোৰহাট: চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত একে ঠাইতে এটা পিছত আন এটা শোকাৱহ ঘটনাই জোকাৰিছে পুলিবৰ।
পুৱতি নিশা দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ত এজন ট্ৰাক চালকৰ মৃত্যু।
SDRF আৰু আৰক্ষীয়ে কেবাজনকো উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰিছে।
যোৰহাট দিশৰ পৰা ভুল পথে অহা ট্ৰাক খনৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
পুৱতি নিশাই ঘটনা স্থলীত পুলিবৰ থানাৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰিছে।