WATCH | Goreswar News : গোৰেশ্বৰৰ বেঙেনাআটীত ইউপিপিএলৰ বুথ সন্মিলন

গোৰেশ্বৰ,১২জুন : বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বেঙেনাআটীত আজি ইউপিপিএলৰ এখন বুথ সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত অংশগ্রহণ সাংসদ জয়ন্ত বসুমতাৰী MCLA পৱিত্ৰ কুমাৰ বড়ো, ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক সোমনাথ নাৰ্জাৰীৰ(Goreswar News)।
সন্মিলনত অংশগ্রহণ কৰি ভাষণ প্ৰসংগত MCLA পৱিত্ৰ কুমাৰ বড়োৱে কয় যে–বুথ পৰ্যায়ত শক্তিশালী হ’লেহে দ’ল শক্তিশালী হ’ব। আজিৰ দিনত গোৰেশ্বৰত ইউপিপিএল দল যথেষ্ট শক্তিশালী হৈ আছে। ইয়াত ইউপিপিএলৰপ্ৰাৰ্থী জয় হোৱাতো নিশ্চিত । শান্তি চুক্তি অনুসৰি প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে।
প্ৰমোদ বড়োৱে সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। সন্মিলনত হেলেনা স্বৰ্গীয়াৰীকে ধৰি দলৰ কেবাগৰাকী কেন্দ্রীয় নেতাৰ লগতে সহস্ৰাধিক কাৰ্যকৰ্তাই অংশগ্রহণ কৰে।
লগতে পঢ়ক : WATCH | Parbatjhora News : আদানীক মাটি দিয়াক লৈ উত্তপ্ত পৰ্বতঝোৰা