Local, Vocal, Global

WATCH | Chapar News : চাপৰৰ শালকোচাত বিকশিত কৃষি সংকল্প অভিযানৰ সামৰণি অনুষ্ঠান

চাপৰ,১২জুন : চাপৰৰ শালকোচাত বিকশিত কৃষি সংকল্প অভিযানৰ সামৰণি অনুষ্ঠান।

ধুবুৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়, ধুবুৰী,অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট,কৃষি অনুসন্ধান পৰিষদ,কৃষি বিভাগ অসম,পশু পালন আৰু পশু চিকিৎসা বিভাগ অসম, দুগ্ধ উন্নয়ন বিভাগ অসম, মীন বিভাগ অসম, অসম ৰাজ্যিক জীৱিকা অভিযান অসমৰ উদ্যোগত ধুবুৰী জিলাৰ শালকোচাৰ পুখুৰীপাৰা ৰাস মন্দিৰ প্ৰাংগনত বিকশিত কৃষি সংকল্প অভিযানৰ সফল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

য’ত চৰকাৰৰ বিভিন্ন আঁচনি সমূহ পুখুৰীপাৰা গাওঁ পঞ্চায়তত কৃষক ৰাইজৰ লগত বিকশিত কৃষি সংকল্প অভিযানৰ বিষয়ে আলোচনা কৰে আৰু চৰকাৰৰ বিভিন্ন উন্নতি কামী আঁচনি সমূহ লগতে কৃষি বিভাগৰ আধুনিক কৃষি পদ্ধতি আৰু পশু পালনৰ পদ্ধতি সমূহ কৃষক আৰু স্থানীয় ৰাইজৰ সন্মুখত দাঙি ধৰে(Chapar News)।

যদি কোনো কৃষক তথা স্থানীয় ৰাইজে আগবাঢ়ি আহে তেন্তে উৎপাদনৰ ক্ষেত্ৰত বহু পৰিমানে লাভাম্বিত হব বুলি জানিবলৈ দিয়ে বিষয়া সকলে।

বিগত ২৯ মে’ তাৰিখৰ পৰা চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়ত সমূহৰ প্ৰায় ১৬ হেজাৰ কৃষকৰ লগত মত বিনিময় কৰি বিকশিত কৃষি সংকল্প অভিযানৰ লাভা লাভৰ বিষয়ে কৃষক ৰাইজৰ লগত বিতংভাৱে আলোচনা কৰে।

উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া দ্বীব্যৰিশি ভট্টাচাৰ্য, ভাস্কৰ বৰুৱা, নৱনীতা নাথ, ড: ছামচুন নেহেৰ,খণ্ড পশু চিকিৎসক ড০ ধ্যানজ্যোতি শৰ্মা, জিলা কৃষি বিষয়া মফিদুল ইছলাম আৰু স্থানীয় ৰাইজৰ লগতে চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে।

লগতে পঢ়ক: WATCH | Goreswar News : গোৰেশ্বৰৰ বেঙেনাআটীত ইউপিপিএলৰ বুথ সন্মিলন