Local, Vocal, Global

Watch | Mangaldoi news: পখিলা খেদাৰ বয়সতেই পিতৃ মাতৃক হেৰুৱাই দিশহাৰা নিশান্ত আৰু হিৰক

মঙলদৈ: মঙলদৈৰ নিকটৱৰ্তী বৰঠেকেৰাবাৰী ধনখুন্দা পাৰা ৰ কনমানি দুটি শিশুৰ সৈতে এগৰাকী আইতাৰ কৰুণ কাহিনী। হিৰক জ্যোতি শইকীয়া আৰু নিশান্ত শইকীয়া ক ডাঙৰ দীঘল কৰিব কোনে, কোনে কৰিব লালন পালন,কোনে পঠিয়াব স্কুললৈ,কোনে লৱ দায়িত্ব। একমাত্ৰ সাৰথি হিচাপে জীয়াই থকা আইতাক গৰাকীও বৰ্তমান শয্যাগত,শুই আছে বিছনাত চলি আছে চিকিৎসা।
কনমানি দুটিৰ মাক দুৰাৰোগ্য ৰোগত দুবছৰ আগতেই মৃত্যু বৰণ কৰিছে,মাত্ৰ চৈধ্য দিন আগতেই দেউতাক অৰূপ শইকীয়াৰো হ’ল মৃত্যু । এনে সময়তে অভিভাৱক হিচাপে আছিল লোহিত শইকীয়া বৰ দেউতাক, নিজৰ দেউতাকৰ মাংগলিক কাম-কাজ চলি থাকোতেই চাৰি দিন পাৰ পিছত বৰ দেউতাকৰো হ’ল মৃত্যু।

বৰ্তমান শিশু দুটিৰ সৈতে ঘৰ খনত থাকিল ৮০ ৰ দেওনা পাৰ হোৱা আইতা গৰাকী।। আইতাক গৰাকীৰো স্বাস্থ্য অৱস্থা খুব ভাল নহয়, আছে চিকিৎসাধীন অৱস্থাত।উপায়ন্তৰ কনমানি দুটিক চোৱা চিতা কৰিছে ওচৰ চুবুৰীয়াই।
কোনে কৰিব মৃতকৰ কাম-কাজ।

অৱশেষত মূখ্যমন্ত্ৰীৰ লগতে দল সংগঠনক ওচৰ চুবুৰীয়াই কনমানি দুটিৰ মুখলৈ চাই সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। দিশহাৰা হৈ পৰা নিশান্ত আৰু হিৰকে ও মুখ্যমন্ত্ৰীক কৰিছে কাতৰ অনুৰোধ।