Local, Vocal, Global

Watch | Jamugurihat news: জামুগুৰিহাটৰ বৰদিকৰাইমিৰি গাঁৱত সাংগঠনিক কৰ্মশালা সম্পন্ন

জামুগুৰিহাট: জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাওঁৰ মৰাং ঘৰত ‌ টি এম পি কে , এম এম কে আৰু টি এম এম কেৰ উদ্যোগত শনিবাৰে বিয়লি এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়। এই সাংগঠনিক কৰ্মশালা খন শুভাৰম্ভ কৰে এম এম কে কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে৷

অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক দলেই সাংগঠনিক দিশত তত্ত্ব গধুৰ মন্তব্য আগবঢ়োৱাৰ লগতে এম এম কে কেন্দ্ৰীয় সম্পাদক পোৰুষোত্তম দলে ই ও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে টি এম পি কেৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগবিজয় দলে শোণিতপুৰ জিলাৰ টি এম পি কেৰ সভাপতি ৰাজিব পেগু,এম এম কেৰ কেন্দ্ৰীয় সভাপতি মনজিৎ পাটগিৰী,মিচিং আগমৰ কেন্দ্ৰীয় সদস্য বীৰেন মিলি , টি এম পি কেৰ কেন্দ্ৰীয় সদস্য দীনেশ পাটগিৰী য়ে ৷


অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী কমিছন মিলি , ধনেশ্বৰ পাও,গুনেশ্বৰী মিলি আৰু ২৬নং জীয়া ভৰলী মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন সাধাৰণ সদস্য ৰাজু চিন্তে কে ধৰি ৰ গণ্য মাণ্য ব্যক্তি সকলৰ উপস্থিতি থাকে ৷

নৱ প্ৰজন্মক লৈ অনুষ্ঠিত কৰ্ম্মশালা খনিত আগুন্তুক দিন সমুহত মিচিং জনগোষ্ঠীটোক শৈক্ষিক,সামাজিক,অৰ্থনৈতিক আৰু সাংস্কৃতিক, ৰাজনৈতিক দিশত আগুৱাই লৈ যোৱাৰ উপৰিও মিচিং স্বায়ত্ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰাৰ সংসদীয় আন্দোলনক শক্তিশালী ভাবে আগুৱাই লৈ যোৱাৰ বাবে নৱপ্ৰজন্মক সু দিহাপৰামৰ্শ আগবঢ়োৱা হয় ৷