Watch | District Commissioner Diwakar Nath promises exemption from demolition drive to bilaspur cemetery: বিলাসীপাৰাৰ কবৰস্থান উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি জিলা আয়ুক্ত দিবাকৰ নাথৰ

বিলাসীপাৰা: বিলাসীপাৰাৰ ঐতিহাসিক টিলাপাৰা আঞ্চলিক কবৰস্থানক উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি জিলা আয়ুক্ত দিবাকৰ নাথৰ। মুছলমান সমাজৰ আবেগ অনুভূতি জড়িত হৈ থকা কবৰস্থানৰ উচ্ছেদৰ পৰা ৰেহাই দিয়াৰ বাবে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দ’ল সংগঠনৰ লগতে স্হানীয় ৰাইজে ধন্যবাদ জনায় জিলা আয়ুক্ত গৰাকীক।
উল্লেখ্য যে, আদানী গ্ৰুপে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উচ্ছেদ হ’ৱলীয়া প্ৰায় ৩ হাজাৰ ৫০০ বিঘা ভূমিৰ ভিতৰত আছিল ধুবুৰী জিলাৰ ঐতিহাসিক টিলাপাৰা আঞ্চলিক কবৰস্থান।
কবৰস্থানটো উচ্ছেদক লৈ মুছলমান সমাজৰ এক হাহাকাৰ সৃষ্টি হৈছিল। বিষয়টোকলৈ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অমৃত বাদশাৰ লগতে দুগৰাকী বিধায়ক দ্বয় ক্ৰমে ওৱাজেদ আলী চৌধুৰী আৰু ছোৱাহান আলী সৰকাৰে স্মাৰক পত্ৰ প্ৰদান কৰিছিল জিলা আয়ুক্ত দিবাকৰ নাথক।
ইয়াৰ পিছতেই ঐতিহ্যমণ্ডিত টিলাপাৰা আঞ্চলিক কবৰস্থানক উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে।
জিলাখনৰ ঐতিহাসিক টিলাপাৰা আঞ্চলিক কবৰস্থানক উচ্ছেদ অভিযানৰ পৰা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰ পিছত জিলা আয়ুক্তক অশেষ ধন্যবাদ জনাইছে সৰ্বসাধাৰণ ৰাইজৰ লগতে দল সংগঠনে।