Local, Vocal, Global

Watch | Mushalpur hs results: উচ্চতৰ মাধ্যমিকৰ ফলাফলত বাক্সাৰ প্ৰাঞ্জলী ভৰালীৰ সফলতা

মুছলপুৰ: নৃতত্ব বিষয়ত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ প্ৰাঞ্জলীৰ ।

চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী গৰাকীয়ে ।

অতি দুখীয়া পৰিয়ালৰ সন্তান প্ৰাঞ্জলি । পিতৃ দিন-হাজিৰা কৰে, মাতৃ শিপিনী ।

প্ৰাঞ্জলীৰ ইচ্ছা ভৱিষ্যতে শিক্ষক হোৱাৰ । লগতে অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও অনুশীলন চলাব প্ৰাঞ্জলীয়ে ।

একান্তমনে পঢ়ি এইখিনি সফলতা লাভ কৰাত নিজেও সুখী মেধাৱী ছাত্ৰী গৰাকী ।

অঞ্চলটোত বৈছে আনন্দৰ বন্যা ।