Local, Vocal, Global

Watch | Anjali Mohan Chetia also conferred with Taipper Mulagavor Award: অঞ্জলি মোহন চেতিয়াক টাইপাৰ মূলাগাভৰো বঁটা প্ৰদান

সোণাৰি: টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত প্রদান কৰি অহা বীৰাংগনা মূলাগাভৰো বঁটা মৰাণৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজকৰ্মী অঞ্জলি মোহন চেতিয়াক প্ৰদান কৰা হৈছে।

নিশা সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মানীয় বঁটাটি প্ৰদান কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে।

অসমৰ একাধিক জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত টিংখাং মহাবিদ্যালয়ৰ অধক্ষ অচ্যুত গগৈলৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰদান মোমাই তামুলী বৰবৰুৱা বঁটা আগবঢ়োৱা হয়।