Local, Vocal, Global

WATCH | Heated situation in Mangaldoi : দৰঙত আৰক্ষীক প্ৰহাৰ কাণ্ড !

মঙলদৈ,২৬এপ্ৰিল : দৰঙত আৰক্ষীক প্ৰহাৰ কাণ্ড ! দৰঙৰ শিলবৰী আউট পোষ্টৰ আইচিসহ চাৰিজন আৰক্ষীক বালি মাফিয়াৰ প্ৰহাৰ।

দৰঙৰ শিলবৰীৰ ধনশ্ৰী নৈত থকা বালি মহলৰ পৰা প্ৰতিখন গাড়ীৰ নামত অঞ্চলটোৰ স্থানীয় চাৰিজন যুৱকে ৫০০ টকাকৈ ধন দাবী কৰাৰ উপৰিও পথ বনোৱাৰ নামত তিনি লাখ টকা দাবী কৰাৰ অভিযোগ তুলি বালি মহলৰ কৰ্তৃপক্ষই দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷

এজাহাৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে চাৰিজন যুৱক ক্ৰমে,মুস্তাক আহমেদ(ধুলা),জাহিদুল ইছলাম(ঘিলাধাৰী),হবিবুৰ ৰহমান (বৰঝাৰ গ্ৰেণ্ট) আৰু একমাদুল হকক(কপাটি গাঁও)
আটক কৰে(Heated situation in Mangaldoi)।

এই চাৰিজন যুৱকক আৰক্ষীয়ে আটক কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে বালি মহলৰ বিৰুদ্ধে ৷ বালি মহলৰ বিৰুদ্ধে স্থানীয় ৰাইজ সকল ওলাই অহাত দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷সেই সময়তে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় শিলবৰী আৰক্ষী৷

তাৰ পিছতেই আৰক্ষীক আক্ৰমণ কৰে একাংশ উত্তেজিত ৰাইজে ৷ আক্ৰমণ কৰাৰ পিছত চাৰিজনকৈ আৰক্ষীৰ লোক আহত হয়৷ গুৰুতৰভাৱে আহত আৰক্ষী কেইজন ক্ৰমে শিলবৰী আৰক্ষী চকীৰ উপ পৰিদৰ্শক ৰূপাংকৰ দাস, মেজৰ প্ৰদীপ বড়ো,আনন্দ দাস , আৰু জুৱেল হাজৰিকা৷

ইফালে আক্ৰমণৰ ফলত IC ৰূপাংকৰ দাসৰ মূৰত বেয়াকৈ আঘাত পোৱাৰ ফলত ১৪ টাকৈ চিলাই পৰে। আৰক্ষীক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে দৰং আৰক্ষীয়ে ৩৪ জনকৈ লোকক আটক কৰিছে।

উল্লেখযোগ্য যে ধনশ্ৰী নৈ চলি থকা বালিৰ মহল বন বিভাগ আৰু আৰক্ষীৰ লগত গোপন বুজাবুজিৰ বাবে অবৈধ ভাবে খনন কাৰ্য্য কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ৷

লগতে পঢ়ক : WATCH | Teenager went missing while bathing in the river : ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ