Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত বিহু মেলাৰ সোণালী জনয়ন্তী বৰ্ষ উদযাপন

জামুগুৰিহাট,২৬এপ্ৰিল : সোণালী জয়ন্তী গৰকা জামুগুৰিহাটৰ ডেকা সুন্দৰ গাঁৱৰ বিহু মেলাৰ বৰ্ষ যোৰা বিস্তত কাৰ্যসূচীৰ অন্তত আজি বিহুমেলা খনিৰ মূল কাৰ্যসূচীৰ প্ৰথম দিনৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

অঞ্চলটোৰ বহুকেইটা অনুষ্ঠানে যোগদান কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুগ্ধ কৰি তোলে৷ সন্মুখত গজৰাজ আৰু তাৰ পিছতেই গায়ন বায়ন,গ্ৰাম্য জীৱনৰ পৰম্পৰা,গৰু গাড়ীত দৰা কইনা যোৱা,নাও,বিহু,বাগৰুম্বা,সত্ৰীয়া নৃত্য,হৰিনাম আদিকৰি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয় এই সাংস্কৃতিক শোভাযাত্ৰাত(Jamugurihat News)৷

নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শুভাৰম্ভ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰম্ভ হোৱা তিনিদিনীয়া মূল কাৰ্যসুচীৰ দিনকেইটাত বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : WATCH | Panchayat Election : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত