WATCH | Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থী সকলৰ সীমাহীন ব্যস্ততা

অভয়াপুৰী,২৬এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন। ৰাজ্যৰ আকাশে বতাহে বলিচে নিৰ্বাচনী গৰম বতাহ । প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত প্ৰচাৰ অভিযানত । সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থী সকলোৰো সীমাহীন ব্যস্ততা নিৰ্বাচনী প্ৰচাৰত। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বিভিন্নজনে প্ৰচাৰৰ ক্ষেত্ৰত অৱলম্বন কৰিছে বিভিন্ন প্ৰথা(Panchayat Election 2025)।
এই দৃশ্য যোগীঘোপাৰ । যোগীঘোপা গাওঁ পঞ্চায়তৰ ৮নং কৰেয়া ২য় খণ্ড গাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী শকুন্তলা বৰ্মন বৰুৱাৰ অভিনৱ প্ৰচাৰ। প্ৰাৰ্থী গৰাকীৰ চিহ্ন কলহৰ ছবি। প্ৰাৰ্থী গৰাকীয়ে হাতত কলহ লৈ গাঁৱৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰাৰ্থী গৰাকীয়ে এনেদৰে ব্যতিক্ৰমী ভাবে প্ৰচাৰ চলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে।
লগতে পঢ়ক : WATCH | Heavy Storm : ওদালগুৰিৰ ৰৌতাত বিধ্বংসী ধুমুহা