WATCH | Panchayat Election : মৰিয়নিত শাসক বিৰোধীৰ মাৰাথন প্ৰচাৰ
টীয়ক,২৬এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৰহাট লোকসভা সমষ্টিৰ মৰিয়নি সমষ্টিৰ বলমা জিলা পৰিষদ,আঞ্চলিক পঞ্চায়ত অধীনস্থ অঞ্চলত নিৰ্বাচন প্ৰচাৰৰ পৰিবেশ এতিয়া তুংগত।
বিজেপি দলৰ জিলা পৰিষদৰ সদস্যৰ প্ৰাৰ্থী সুৰজিত শইকীয়া ওৰফে বদৰে নিজ নিজ সমৰ্থকসকলক লৈ গাঁৱে ভূঞে প্ৰচাৰ অব্যাহত ৰাখিছে।বিশেষকৈ চৰকাৰখনৰ বিভিন্ন উন্নয়নমূলক কামকাজ তথা জনকল্যাণমূলক আঁচনি ৰাইজৰ মাজলৈ আৰু অধিক গতিশীল কৰাৰ লগতে সামাজিকত ক্ৰীড়াসংগঠক হিচাপে পৰিচিত এইগৰাকী প্ৰাৰ্থীয়ে গ্ৰাম্যঞ্চলত ক্ৰীড়াৰ পৰিবেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
ইপিনে একেদৰে প্ৰচাৰ অব্যাহত ৰাখিছে গাখীৰ খোৱা পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী ৭নং ৱাৰ্ড সদস্য সামাজিক ভাৱে উচ্চ শিক্ষিত এগৰাকী মহিলা মমিনা বেগমে সমৰ্থকসকলক লগত লৈ প্ৰচাৰ চলাই গৈছে(Panchayat Election)।
আনহাতে গাখীৰ খোৱা পঞ্চায়তৰ অগপ দলে প্ৰাৰ্থীত্ব আগবঢ়োৱা আঞ্চলিক সদস্য শিক্ষিত যুৱক দীপন চুতীয়াই ৰাইজৰ মাজত সুমাই পৰা দেখা গৈছে। উল্লেখ যে,বলমা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থীগৰাকী ক্ৰীড়া সংগঠক আৰু আনফালে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী সাংস্কৃতিক কৰ্মী হোৱাৰ হেতুকে দুয়োখন চিনাকী মুখ। সেয়ে মূল ৰণখন বিজেপি কংগ্ৰেছৰ মাজতে হ’ব বুলি সৰ্বত্তে চৰ্চা চলিছে।