Local, Vocal, Global

WATCH | Panchayat Election : “কেন্দ্ৰত বিজেপি,ৰাজ্যত বিজেপি চৰকাৰ। ডাবোল ইঞ্জিন চৰকাৰৰ লগত থাকিলেহে উন্নয়ন হ’ব’-পবিত্ৰ মাৰ্ঘেৰিটা”

টীয়ক,২৬এপ্ৰিল : ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী বতাহ। কি শাসক কি বিৰোধী সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। এয়া টীয়কৰ আৰন্ধৰা গাঁৱত অনুষ্ঠিত এক নিৰ্বাচনী সভাৰ দৃশ্য।

মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আৰু সংগ দিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী,অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়া, জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীকে ধৰি কেইবাগৰাকীও নেতাই।

উক্ত সভাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, নিৰ্বাচনী প্ৰচাৰ বুলি মোৰ বিশেষ ক’বলগা একো নাই। ৰাইজে ইতিমধ্যে চৰকাৰখনৰ সকলো উন্নয়নমুখী কাম কাজৰ বিষয়ে অৱগত। তথাপিও এক মিনিটতে ক’বলৈ গ’লে এইটোৱে কব লাগিব যে কেন্দ্ৰত আৰু ৰাজ্যত যিহেতু বিজেপি চৰকাৰ সেয়ে এই ডাবোল ইঞ্জিনৰ চৰকাৰখনৰ লগত থাকি উন্নয়ন অব্যাহত ৰাখিবলৈ পঞ্চায়তটো বিজেপি চৰকাৰক ভোট দিয়াটো দৰকাৰী।ইপিনে ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে সন্মানীয় যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাইজে গৌৰৱ গগৈক ভোট দি সমষ্টিটোৰ উন্নয়নত বাধা হৈছে(Panchayat Election)।

গৌৰৱ গগৈয়ে কেৱল ইংৰাজী ভালকৈ ক’বহে জানে। আজি ভোটাৰসকলক ধন্যবাদ এটা দিবলৈও তেওঁৰ সময় হোৱা নাই। সেয়ে সমষ্টিটোৰ উন্নয়ন অক্ষুণ্ণ ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে তেওঁ ৰাইজৰ মাজত আছে।ৰাইজৰ কাম কৰি যাব। গৌৰৱ গগৈয়ে কেৱল আন্ত:ৰাষ্ট্ৰীয় সমস্যা আদিবোৰতহে লাগি থকাৰ বিপৰীতে তেওঁ ৰাইজৰ উন্নয়নত মনোনিবেশ কৰিছে।
ইপিনে বিহুৰ চান্দা দিব লাগে বুলি গৌৰৱ গগৈ সমষ্টিত নাথাকি বাহিৰত আছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মই তেওঁক মাতিছো,আহক এবাৰ নিজৰ সমষ্টিলৈ,গামোচা এখনটো পিন্ধকহি বিহু বুলি।যি দিব লাগে মই দিম।”

লগতে পঢ়ক : WATCH | Bhabesh kalita : কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাক লৈ ক্ষোভিত বিধায়ক ভৱেশ কলিতা