WATCH | Bilasipara News : বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভূৱা নথি পত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ
বিলাসীপাৰা,২৬এপ্ৰিল : বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভূৱা নথি পত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ এক ভয়ংকৰ অভিযোগ।
বিলাসীপাৰাৰ ৬নং চিৰাকুটা পঞ্চয়তৰ ৫নং ৱাৰ্ড চৰুৱাবাখৰা গাওঁৰ সদস্যা পদৰ প্ৰাৰ্থী জাহানাৰা খাতুনৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ।
চৰকাৰৰ নিৰ্দেশনাৱলী মতে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াৱাৰ ক্ষেত্ৰত প্ৰাৰ্থী সকলৰ দুটা সন্তানৰ পিতৃ-মাতৃ হোৱাটো বাধ্যতামূলক(Bilasipara News)।
পিছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী জাহানাৰ খাতুন তিনি সন্তানৰ মাতৃ হোৱাৰ পিছতো নিজৰ মনোনয়ন পত্ৰত কেইটা সন্তান দেখুৱাইছে বুলি প্ৰশ্ন উত্থাপিত হৈছে।
এই ক্ষেত্ৰত গাওঁৰ সচেতন ৰাইজে বিলাসীপাৰা সম জিলা আয়ুক্ত গৰাকীক লিখিত অভিযোগ দাখিল কৰিছে।
নিৰ্বাচনী নীতি নিয়মক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰা সদস্যা গৰাকীৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহীত ব্যৱস্থা লোৱাৰ বাবে দাবী উত্থাপন কৰে স্হানীয় ৰাইজ আৰু দ’ল সংগঠনে।
লগতে পঢ়ক : WATCH | Jamagurihat News : চাৰিদুৱাৰ চিকিৎসালয়ত ভয়ংকৰ ঘটনা