WATCH | Jamagurihat News : চাৰিদুৱাৰ চিকিৎসালয়ত ভয়ংকৰ ঘটনা
জামুগুৰিহাট,২৬এপ্ৰিল : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় খনত চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিৰ বাবেই এগৰাকী মহিলাৰ কৰুণ মৃত্যু হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি ভালুকপুঙৰ পৰা দুটি সন্তানৰ মাতৃ নোমলী বসুমতাৰী স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল চাৰিদুৱাৰ গ্ৰাম্য চিকিৎসালয়খনলৈ ৷ কিন্তু মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকৰ অনুমতি নোলোৱাকৈ গৰ্ভপাত কৰোৱাৰ ফলতে মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ কৰুণ মৃত্যু হয়(Jamagurihat News)।
চিকিৎসক আৰু নাৰ্চৰ গাফিলতিৰ বাবেই মহিলা গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই ৷ আনহাতে চৰকাৰী চিকিৎসালয় খনৰ চিকিৎসক আৰু নাৰ্ছে গৰ্ভপাতৰ বাবে মহিলাগৰাকীৰ আত্মীয়ৰপৰা ২৫০০ টকা দাবী কৰিছিল যদিও দিবলৈ অপাৰগতা প্ৰকাশ কৰাত বিভিন্ন কটুবাক্য শুনাই ২০০০ টকা আদায় কৰি লয়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।
আনহাতে চিকিৎসালয়খনৰ স্বাস্থ্য বিষয়াই গৰ্ভপাত কৰোৱাৰ অভিযোগ খণ্ডন কৰি মহিলাগৰাকীক গৰ্ভপাত কৰা হোৱা নাছিল বুলি বক্তব্য প্ৰদান কৰে। কাৰ গাফিলতিৰ বাবে মহিলা গৰাকীৰ মৃত্যু হ’ল সেয়া অৱশ্যে আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব প্ৰকৃত সত্য।
লগতে পঢ়ক : Watch | Dergaon Panchayat election campaign: ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ