Watch | Chapar news: উন্নয়নে ঢুকি নোপোৱা চাপৰৰ এখন ভিতৰুৱা গাওঁ
চাপৰ: আজিলৈকে যাতায়তৰ নামত জমৰ যাতনা ভুগি আছে গাওঁবাসীয়ে। বাট পথৰ দুৰৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত গঞা ৰাইজ। বিগত সময়ছোৱাত জনপ্ৰতিনিধিয়ে বাট পথ মেৰামতি কৰিবলৈ সময় নাপালে কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভোটৰ লালসাত ঠায়ে ঠায়ে ইটা পেলোৱাৰ অভিযোগ।
সামান্য বৰষুণতে বাট পথেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে চলাচল কৰাত বহু সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে। ধুবুৰী জিলাৰ চাপৰৰ পুঠিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত পুঠিমাৰীৰ নায়েৰ আলগা পাৰা,শিঙিমাৰী আদি বহু কেইখন গাঁৱৰ ৰাইজে যুগ যুগ ধৰি পথটোৰে চলাচলৰ সু ব্যৱস্থাৰ বাবে সময়ে সময়ে দাবী কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ।
বিগত পঞ্চায়তৰ কাৰ্যকালত পুঠিমাৰীৰ অঞ্চলৰ পৰায় জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত সদস্য পদত জয়ী হৈ আহিছিল। কিন্তু ৰাইজৰ সমস্যা সমাধান নকৰি সমস্যা সমূহক পিঠি দি অহাৰ অভিযোগ। যাৰ ফলত যুগ যুগ ধৰি জমৰ যাতনা ভুগি আহিছে গঞা ৰাইজে। পথচোৱাৰে যাতায়তৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনায় গাঁৱৰ ৰাইজে।