Local, Vocal, Global

Watch | Massive fire breaks out in Maran Nagar: মৰাণ নগৰত পুৱা ভয়াবহ অগ্নিকাণ্ড

মৰাণ : মৰাণ নগৰত আজি পুৱা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হ’ল মৰাণ নগৰস্থিত মনভৰি ৰেষ্টুৰেন্ট, মা হোটেল আৰু ডেন্টেল হাৱ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানকেইখন ৷ অগ্নিকাণ্ডৰ পাছতে মৰাণ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ীয়ে প্ৰায় ৩ ঘন্টাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ক্ষয় ক্ষতিৰ পৰিমাণ কেইবা কোটি টকা মূল্যৰ হ’ব বুলি জানিবলৈ দিছে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে ৷