Local, Vocal, Global

Watch | Protest programme of ancestors and brave women held in Sonari : সোণাৰিত পূৰ্ব সৈনিক আৰু বীৰ নাৰীৰ প্ৰতিবাদী কাৰ্যসূচী পালন

সোণাৰি: ফেডাৰেশ্বন অফ ভেটাৰ্নছ এচোছিয়শ্বন, নতুন দিল্লীৰ আহ্বান ক্ৰমে আজি চৰাইদেউ জিলাৰ পূৰ্ব সৈনিক আৰু বীৰ নাৰী সকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমর্থনত সোণাৰিত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

২০২৩ চনৰ পৰাই বিভিন্ন কাৰ্য্যসূচী মাধ্যমৰ যোগেদি পূৰ্ব সৈনিক আৰু বীৰ নাৰী সকলৰ পেন্সনৰ বিসংগতি তথা আনআন সমস্যাবোৰৰ বিষয়ে অৱগত কৰাই অহাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো বিহিত ৱ্যবস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

কাৰ্যসূচীৰ শেষত জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰী, ৰক্ষা মন্ত্ৰী আৰু ৰক্ষা সচিবলৈ একোখনকৈ বাৰ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ পেৰণ কৰা হয়। আনহাতে কাৰ্যসূচীৰ আৰম্ভণিতে কাশ্মীৰৰ পুলৱামাত শেহতীয়াকৈ পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে ভাৰতীয় পৰ্যটক সকলক নৃশংস ভাৱে গুলিয়াই হত্যা কৰাৰ বিৰুদ্ধে ধৰ্ণা দিয়া হয়।