Local, Vocal, Global

WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনী ৰণডংকা

বিলাসীপাৰা,১৬এপ্ৰিল : ৰাজ্যত পঞ্চায়তে পঞ্চায়তে বাজিছে নিৰ্বাচনী ৰণডংকা।

বিভিন্ন ৰাজনৈতি দলে নিজৰ নিজৰ ভেটি দৃঢ় কৰাৰ লক্ষ্যৰে দলীয় কৰ্মী সকলে উঠি পৰি লাগিছে।

বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলেও চলাইছে নিৰ্বাচনী কুজকাৱাজ।

ৰাইজৰ দলৰ ধুবুৰী জিলা সমিতিয়ে বিভিন্ন প্ৰান্তত সঘনাই দলীয় সভা সমিতি অনুষ্ঠিত কৰিবলৈ লৈছে। লক্ষ্য পঞ্চায়ত নিৰ্বাচনত সন্তোষজনক ফলাফলৰ প্ৰাপ্তি।

ৰাইজৰ দলৰ ধুবুৰী জিলা অলপতে গৌৰীপুৰ সমষ্টিৰ নয়াহাটত এক কৰ্মী সভা অনুষ্ঠিত কৰে(Panchayat Election 2025)।

ৰাইজৰ দলৰ ধুবুৰী জিলাৰ সভাপতি জামাল হকৰ সভাপতিত্বত অনুষ্ঠিত এই কৰ্মী সভা।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰহৈ প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলোৰ ভেটি শক্তিশালী কৰাৰ বাবে এই সভা অনুষ্ঠিত হয়।

সভাখনত কেইবা শতাধিক ৰাইজৰ দলৰ কৰ্মী উপস্থিত থাকে।

ধুবুৰী জিলা ৰাইজৰ দলৰ সভাপতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে,সমাগত পঞ্চায়ত নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে অবতীৰ্ণহৈ ৰাইজৰ দল প্ৰাৰ্থীসকলে আশাপ্ৰদ ফলাফল দেখুৱাব বুলি দাবী কৰে।

লগতে পঢ়ক : WATCH | Sootea News : আজি পৱিত্ৰ গোসাঁই বিহু