WATCH | Sootea News : আজি পৱিত্ৰ গোসাঁই বিহু
চতিয়া,১৬এপ্ৰিল : আজি পৱিত্ৰ গোসাঁই বিহু ৷ গোসাঁই বিহুৰ এই পৱিত্ৰ দিনটোতে চতিয়াৰ পুৰণি গাঁৱত থকা ঐতিহাসিক খৰম থানৰ নৱ নিৰ্মীত গৃহত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ৷ এই প্ৰাণ প্ৰতিষ্ঠা কৰে চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীয়ে ৷
তিনিদিন সম্পূৰ্ণ উপবাসে থাকি অতি ভক্তি ভাৱৰে অঞ্চলবাসীয়ে আজি আয়োজন কৰা এই অনুষ্ঠানত অগণন আয়তীৰ উৰুলি আৰু ভকতৰ হৰিনামৰ ধ্বনিৰে এক কথাত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত সমগ্ৰ অঞ্চলটো ৷
লোক বিশ্বাস মতে এই খৰম থানাৰ বহুতো মাহাত্ম্য আছে ৷ এই খৰম থানলৈ ভক্তি ভাৱে চাকি শৰাই আগ বঢ়ালে মানুহৰ যিকোনো মনৰ আশা পুৰণ হয় ৷ সেয়ে আজি স্থানীয় লোকৰ লগতে দূৰদূৰণিৰ অসংখ্য ভক্তপ্ৰাণ লোকৰ সমাগম ঘটে ঐতিহাসিক খৰম থানলৈ(Sootea News)৷