Local, Vocal, Global

WATCH | Nalbari News : গোসাঁই বিহুৰ দিনাই নলবাৰীত ৩০০০ বিহুৱা-বিহুৱতীৰ বিহু নৃত্য

নলবাৰী,১৬এপ্ৰিল : নলবাৰী গৰ্ডন খেলপথাৰত একেলগে নাচিলে ৩ হাজাৰৰ অধিক ঢুলীয়া নাচনীয়ে।

উলাহ মালহৰে ৰাজ্যজুৰি পালন কৰা হৈছে প্ৰাণৰ ব’হাগ বিহু । প্ৰতিগৰাকী অসমীয়াই জুৰিলে বিহুগীত। নাছিলে এপাক ককাল ভাঙি(Nalbari News)।

প্ৰতিঘৰ অসমীয়াৰ পদুলিয়ে পদুলিয়ে বাজিছে ঢোল পেপাৰ মাত। আহতৰ তল, মুকলি পথাৰ অথবা মঞ্চ‌ই মঞ্চ‌ই প্ৰদৰ্শিত হৈছে বিহু‌।

২ ব’হাগ ১৬ এপ্ৰিলত নলবাৰী গৰ্ডন খেল পথাৰত নলবাৰীত ইতিহাস সৃষ্টি কৰি ৩ হাজাৰতকৈও অধিক বিহুৱতী আৰু ঢুলীয়া ই প্ৰদৰ্শন কৰিলে বিহু ।

৫৫ তম‌ মহকুমা বিহু সন্মিলনীয়ে আয়োজন কৰা বিহু নাচ প্ৰদৰ্শন উপভোগ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

লগতে পঢ়ক :