All Assam Adivasi Students’ Union president Pradeep Nag’s wreath-laying ceremony: সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
চাপৰ : চাপৰ চৈবাৰী চাহ বাগিচাত অনুষ্ঠিত হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰশ্ৰদ্ধাঞ্জলি অনুষ্ঠান । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগক একাজঁলি শ্ৰদ্ধাঞ্জলিঅপণ কৰে।
শ্ৰদ্ধাঞ্জলি জনাই প্ৰিয় নেতা গৰাকীক আদিবাসী সমাজৰ জাতিৰ নায়ক হিচাপে স্বীকৃতি দিয়াৰ লগতে প্ৰত্যেক বছৰে ৮ এপ্ৰিল তাৰিখটো আদিবাসী লোকসকলে জাগ্ৰিতি দিৱস হিচাপে পালন কৰিব বুলি জানিব দিয়ে।
উল্লেখ্য যে যোৱা ৮ এপ্ৰিল তাৰিখে আদিবাসী সমাজৰ বজ্ৰ কণ্ঠ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।সভাপতি গৰাকীৰ মৃত্যুৰ লগে লগে সমগ্ৰ অসমৰ আদিবাসী সমাজত এক শোকৰ ছাঁ পৰে।
নিজৰ প্ৰিয় নেতা গৰাকীৰ আত্মাৰ চিৰ শান্তিৰ বাবে চৈবাৰী চাহ বাগিছাৰ লোকসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী,জিলা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতা, বিজেপিৰ মণ্ডল সভাপতি ধনঞ্জয় ৰায় আৰু স্থানীয় আদিবাসী ৰাইজ।