WATCH | Boko News : বকোৰ জৱেপাৰা-নাগোপাৰা-ভোগদাবাৰী আঞ্চলিক মা মনসা পূজা
বকো,৮এপ্ৰিল : বকোৰ জৱেপাৰা-নাগোপাৰা-ভোগদাবাৰী আঞ্চলিক মা মনসা পূজা। নাম প্ৰসংগ আৰু জয়ধ্বনিত উখল মাখল পৰিবেশ।
মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে বিশ্বাস কৰা হয়। সমাজত জীৱ কুলৰ অষুয়া অমংগল দূৰ কৰি সুখ শান্তিৰ পৰিবেশ সৃষ্টি কৰিবলৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও বকোৰ জৱেপাৰাত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা মনসা দেৱীৰ পূজা(Boko News)।
জৱেপাৰা-নাগোপাৰা- ভোগদাবাৰী আঞ্চলিক ৰাইজৰ উদ্যোগত আজি দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা মনসা দেৱীৰ পূজা-অৰ্চনা। জৱেপাৰাৰ মাৰেশালিত আয়োজন কৰা পূজা উদযাপন সমিতিৰ সভাপতি সুৰ্য্যকান্ত ৰাভা আৰু সম্পাদক তথা যুৱ সমাজ কৰ্মী নৃপেন ৰাভাই জনোৱা মতে ; জৱেপাৰাৰ মাৰেশালিত বহু যুগ ধৰি থকা ঐতিহাসিক কীৰ্তিচিহ্ন আৰু ধংশাবশেষৰ সমল লক্ষ্য কৰি আৰু দেৱী বিৰাজ কৰা আলৌকিক বহু প্ৰমাণৰ ওপৰত ভিত্তি কৰি দেৱীৰ তীৰ্থস্থান স্থাপন কৰিবলৈ ৰাইজৰ সহযোগ বিচাৰি আয়োজন কৰা হয় পূজা ভাগ।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত সাংবাদিকক দুৰ্ব্যৱহাৰ