WATCH | Nalbari News : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত শ্রী শ্রী বাসন্তী পূজাৰ মহা আয়োজন
নলবাৰী,৬এপ্ৰিল : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত শ্রী শ্রী বাসন্তী পূজাৰ মহা আয়োজন।
বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ উপস্থিতিৰে উখল- মাখল পৰিৱেশ(Nalabari News)।
ইতিহাস গৰকা ঐতিহ্যমণ্ডিত শক্তিপীঠ বৰবৰী থানত ভক্তপ্রাণ ৰাইজৰ উপস্থিতিত ১০৬ সংখ্যক শ্রীশ্রীবাসন্তী পূজা যোৱা ৩ এপ্রিলৰ পৰা ৭ এপ্রিললৈ পাঁচদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।
বৰবৰী থান উন্নয়ন সমিতিয়ে জনোৱা মতে এই পূজা ভাগে এইবাৰ ১০৬ বৰ্ষ অতিক্ৰম কৰিব। মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯২০ চনৰ পৰা আয়োজন কৰি আহিছে সাৰ্বজনীন শ্ৰী শ্ৰী বাসন্তী পূজাভাগ।
লগতে পঢ়ক : WATCH | Waqf Act 2025: অথলে গ’ল মুছলমানৰ প্ৰতিবাদ