WATCH | Waqf Act 2025: অথলে গ’ল মুছলমানৰ প্ৰতিবাদ
নিউজ ডেস্ক,৬এপ্ৰিল : অথলে গ’ল মুছলমানৰ প্ৰতিবাদ । ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে ৱাকফ সংশোধনী বিধেয়কত
আইনলৈ পৰিণত হʼল ৱাকফ সংশোধনী বিধেয়ক(Waqf Act 2025)।
ৱাকফ বিধেয়ক নহয়, এতিয়াৰে পৰা ৱাকফ আইন হ’ল, ৱাকফ (সংশোধনী)ক অনুমোদন ৰাষ্ট্ৰপতিৰ। সংসদত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি প্ৰদান কৰে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগে লগে এতিয়া আইনত পৰিণত হৈছে ৱাকফ বিধেয়ক।
ৰাজ্যসভাত ১৩ ঘণ্টাৰো অধিক সময় ধৰি চলা বিতৰ্কৰ অন্তত বিধেয়কখনত শুকুৰবাৰে পুৱতি নিশা সংসদে বিধেয়কখনত অনুমোদন জনায়। ইয়াৰ পাছতেই বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰিছিল। বিৰোধীৰ দাবী আছিল এই বিধেয়ক সম্পূৰ্ণ “মুছলমান বিৰোধী” আৰু “অসাংবিধানিক” ।
লোকসভাৰ পাছতেই ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতেই দেশ জুৰি মুছলমান সকলে ৰাজপথত প্ৰতিবাদ কৰিছিল। ৰাজপথত প্ৰতিবাদ চলি থকাৰ মাজতেই শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি প্ৰদান কৰে এই বিধেয়কখনক। এতিয়াৰে পৰা এইখন বিধেয়ক নহয় আইনলৈ পৰিণতি হল।