Local, Vocal, Global

WATCH | Road Accident : এক শোকাৱহ দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰ

শিলচৰ,৩এপ্ৰিল : শিলচৰ ৰামনগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু যাত্ৰীবাহী অটোৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত থিতাতে নিহত মাতৃ-পুত্ৰ। গুৰুতৰভাৱে আহত পৰিয়ালৰ আন তিনি সদস্য।
নিহত আফচানা বেগম আৰু ৭ বছৰীয়া পুত্ৰ তামিম আহমেদ(Road Accident)।

জানিব পৰা মতে কাছাৰৰ শ্ৰীকোণা ডেইলি বজাৰৰ এটা পাঁচজনীয়া পৰিয়াল অটোৰে আত্মীয়ৰ ঘৰৰ পৰা ওভতাৰ পথত শিলচৰ ৰামনগৰ ISBT ৰ সম্মুখত অটো খনৰ এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষ হয় । ফলত থিতাতে মৃত্যু হয় মাতৃ আৰু ৭ বছৰীয়া পুত্ৰৰ।

ঘটনাত গুৰুতৰভাৱে আহত পৰিয়ালটোৰ মুৰব্বী নেহাৰুল হক আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ চামিম আহমেদ আৰু ১৪ বছৰীয়া কন্যা তাজমিনা আক্তাৰ। ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহসহ আহত কেইজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে।

ইপিন ঘটনা সংঘটিত কৰি ঘটনাস্থলীত ডাম্পাৰ এৰি পলায়ন কৰে ডাম্পাৰ চালকে।

লগতে পঢ়ক : WATCH | Rangia News : ঈদৰ বন্ধ শেষ হ’ল! কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ