Local, Vocal, Global

WATCH | Rangia News : ঈদৰ বন্ধ শেষ হ’ল! কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ

ৰঙিয়া,৩এপ্ৰিল : ঈদৰ বন্ধ শেষ হ’ল। কিন্তু চৰকাৰী বন্ধ শেষ হোৱা নাই ৰঙিয়াৰ আৰিমত্ত গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলৰ।

দুপৰীয়া ১১ বজালৈ কাৰ্যালয়টোত নাই ৫ গৰাকী কৰ্মচাৰী । চকীদাৰে কাৰ্যালয়টোৰ দুৱাৰ খুলিছে ঠিকে কিন্তু কাৰ্যালয়ত নাই কৰ্মচাৰী । স্থানীয় লোকসকলে বিভিন্ন কামত গৈ কাম অবিহনেই উভতিব লগা হৈছে। আৰিমত্ত গাঁও পঞ্চায়তৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ জনতাৰ(Rangia News)।

অভিযোগ অনুসৰি প্ৰায়ে আৰিমত্ত গাঁও পঞ্চায়তৰ কাৰ্যালয়টোত সময়মতে উপস্থিত নহয় কৰ্মচাৰী। ৰাইজে সোধপোচ কৰিলে কোনোৱে যদি কয় field duty ত আছে, আন কোনোয়ে কয় ৰঙিয়া সম জিলা কাৰ্যালয়ত আছে । কিন্তু এই কথাও ৰাইজৰ ক্ষোভ শান্ত কৰাত বিফল হৈছে, স্থানীয় লোকসকলে প্ৰশ্ন তুলিছে যে, এজন কৰ্মচাৰীৰ অন্য কামত ব্যস্ততাৰ কাৰণে গোটেই কাৰ্যালয়ৰ কাম-কাজ কিয় বন্ধ থাকিব লাগে?

তেওঁলোকৰ মতে, এই অৱস্থা কেৱল কৰ্মচাৰীসকলৰ দায়িত্বহীনতা আৰু উদাসীনতাৰ প্ৰতিফলন । এনেদৰেই চৰকাৰী দৰমহা ঘৰত বহি বহি লৈ থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে । তাৎপৰ্যপূৰ্ণভাৱে tax collector গৰাকীয়ে election duty ত থকাৰ বাবে কাৰ্যালয়ত সময়মতে উপস্থিত থাকিব পৰা নাই বুলি জানিবলৈ দিয়ে।

গতিকে এয়াই হৈছে চৰকাৰী কৰ্মচাৰী যাৰ বাবে দৈনিক এনেদৰে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে সাধাৰণ লোকসকল।এতিয়া প্ৰশ্ন হয় ইয়াৰ পিছতো এই সকল চৰকাৰী কৰ্মচাৰীৰ ওপৰত এবাৰ চকু পৰিবনে ৰজাঘৰীয়াৰ নে এনেকৈয়ে তেওঁলোকে চলাই যাব নিজৰ মইমতালি সময়ত ই আৰু অধিক লক্ষ্যণীয় হৈ পৰিব।

লগতে পঢ়ক : আপুনি হোটেলৰ ছোৱালীৰ লগত কি কৰি আছে?