Local, Vocal, Global

Watch | Mushalpur Bihu akhara: বাক্সা জিলাৰ হাৰিভাঙাৰ ‘নয়নতৰা বিহুৱা ‘ দলৰ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

মুছলপুৰ: সন্মুখত হেঁপাহৰ ৰঙালী বিহু । এয়া বিহুক আদৰাৰ সময় । ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ।বিহুৱা দল সমূহো সম্প্ৰতি আখৰাত ব্যস্ত।বাক্সা জিলাৰ হাৰিভাঙাৰ নয়নতৰা বিহুৱা দলেও দুপৰ নিশালৈকে কৰিছে অনুশীলন। ২৬ গৰাকী কৈ বিহুৱা-বিহুৱতীয়ে চলাই নিছে আখৰা। ৰাইজৰ সঁহাৰিও লাভ কৰিছে বিহুৱা দলটোৱে। ঢোল, পেঁপা, গগনাৰ মাত আৰু ঢোলৰ চাপৰত এতিয়া নিশালৈকে হাৰিভাঙাত বিহুৰ উলাহ ।