Local, Vocal, Global

WATCH | Robbery incident: কলিয়াবৰত ডকাইতি কাণ্ড

কলিয়াবৰ,১৭মাৰ্চ : কলিয়াবৰত ডকাইতি কাণ্ড।

অৰুণাচল প্ৰদেশৰ দাৰি ৰাজু নামৰ এজনক কম দামত ইটা দিয়াৰ প্ৰলোভন দি মাতি আনি লুটপাত কৰাৰ অভিযোগ।

ইটা দিম বুলি মাতি আনি প্ৰথমে কলিয়াবৰৰ বৰঘুলি অঞ্চলৰ এটা ইটা ভাটালৈ লৈ যায়, ইটা ভাটাতো দেখুৱাই দাড়ি ৰাজুক ঘৰলৈ চাহ খাবলৈ লৈ গৈ ১ লাখ ৬৫ হাজাৰ টকাৰ লগতে এটা মোবাইল আৰু ডিঙিৰ পৰা সোনৰ চেইন এডাল মাৰধৰ কৰি কাঢ়ি লয় যায়(Robbery incident)।

পৰবৰ্তী সময়ত দাড়ি ৰাজুৱে চুলুং তহলদাৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

অভিযোগৰ ভিত্তিত চুলুং আৰক্ষীয়ে অভিযান চলাই প্ৰথমে ১ নম্বৰ বৰঘুলিৰ পৰা মাৰ্জিনা খাতুনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। পলাতক হৈ থকা বাহাৰুল ইছলাম, নাচিৰ উদ্দিন ( ১ নম্বৰ বৰঘুলি) হানান আলি (বৰদলং) ক কৰ্ণাটকৰ পৰা আটক কৰি গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : WATCH | Dhemaji News : গোগামুখত BMS শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলা সমিতি গঠন