WATCH | Family holds funeral for daughter who married by choice : জীয়াই থকা ছোৱালীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে পৰিয়ালে
নিউজ ডেস্ক,১৭মাৰ্চ : জীয়াই থকা ছোৱালীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে পৰিয়ালে। অন্ত্যেষ্টিক্ৰিয়াত ভাগ ল’বলৈ গাঁওবাসীক আমন্ত্ৰন।
মুছলমান যুৱকৰ লগত বিবাহ পাষত আৱদ্ধ হোৱাৰ বাবেই এই সিদ্ধান্ত পৰিয়ালৰ লোকৰ।
ঘটনাটো হৈছে পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ চোপ্ৰা গাঁৱৰ। ঘৰৰ বাধাক নস্যাত কৰি এগৰাকী বেংগলী যুৱতীয়ে নিজৰ পছন্দৰ এজন মুছলমান যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হয়(Family holds funeral for daughter who married by choice)।
ইয়াৰ পাছতেই যুৱতীৰ পৰিয়ালে এনেদৰে যুৱতী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে। শনিবাৰৰ দিনটোত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল পৰিয়ালৰ লোকে । ঘৰৰ বাধাক নেওচি লোৱা সিন্ধান্তৰ বাবে সামাজিক ভাৱে মৃত ঘোষাণা কৰি এনেদৰে সম্পন্ন কৰে অন্ত্যেষ্টিক্ৰিয়া।
পৰিয়ালৰ লোকৰ দাবী তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাৰ সিদ্ধান্তই কেৱল পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ গাওঁখনকো অসন্মান কৰা হৈছে। নিজৰ বিশ্বাসক শক্তিশালী কৰিবলৈ, পৰিয়ালটোৱে এক সম্পূৰ্ণ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান আয়োজন কৰিছিল, যাজক এজনে মন্ত্ৰ উচ্চাৰণ কৰি আৰু যজ্ঞ পৰিচালনা কৰি সম্পূৰ্ণ কৰিছিল, যেন প্ৰকৃত মৃত্যুত শোক প্ৰকাশ কৰিছে।
লগতে পঢ়ক : Watch | Drug peddler arrested: মানকাচৰত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপসহ মাফিয়া