Local, Vocal, Global

Watch | Rangia doul utshav: ৰঙিয়াত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱক লৈ ব্যাপক উৎসাহ

ৰঙিয়া: সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।ৰঙিয়া কৰৰা গড়ভিতৰ বুনাসত্ৰ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত ১৩মাৰ্চৰ পৰা ১৫মাৰ্চলৈ তিনিদিনীয়াকৈ উৎযাপন কৰা হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি আয়তী সকলে নাম পৰিবেশন কৰি জীপাল কৰি তোলে সমগ্ৰ পৰিৱেশ উল্লেখযোগ্য যে এই সত্ৰ খনৰ মাহত্ব অনেক লোক বিশ্বাস অনুসৰি যি সকল ভক্তই নিজৰ সিদ্ধি পূৰণাৰ্থে বুনাসত্ৰ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰৰ এই দৌল মহোৎসৱত দৰ্শণ হৈ আহিছে আজিলৈ সেই সকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হৈ আহিছে ।