Watch | Teok news: ক্ৰীড়াৰ মাধ্যমেৰে সমন্বয় গঢ়াৰ মানসেৰে খেলপথাৰত নামিল টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সহিতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল

টীয়ক: শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত থকাৰ পৰা কিছু আতৰি এইবাৰ হাতত ক্ৰিকেট বেট,বল লৈ এইসকল শিক্ষক কৰ্মচাৰী আৰু নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে প্ৰাক্তন ছাত্ৰ খেলপথাৰত নামিছে। হয়,উজনি অসমৰ অন্যতম ঐতিহাসিক শিক্ষানুষ্ঠান নাকৰ A+ গ্ৰেড প্ৰাপক টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ উদ্যোগত মহাবিদ্যালয়ৰ খেলপথাৰত আজি মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী,ছাত্ৰ একতা সভাই পূৰ্ণ সহযোগিতাত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষ একাদশ,প্ৰাক্তন ছাত্ৰ ছাত্ৰী ভেটাৰ্ন,প্ৰাক্তন ছাত্ৰ ছাত্ৰী জুনিয়ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাকে ধৰি মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰিছে উক্ত খেলখনত।
উল্লেখযোগ্য যে এই খেলখনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিজয় কৃষ্ণ পাচনিকে প্ৰমুখ্য কৰি সকলো শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰি তোলা পৰিলক্ষিত হৈছে।ইপিনে খেলৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখনি প্ৰদৰ্শনীমূলক ক্ৰিকেট খেল অনুষ্ঠিত কৰে উদ্যোক্তাসকলে।বহু দিনৰ পাছত লগৰ সমনীয়া পাই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল অতি আনন্দিত হৈ পৰিছে আৰু এই ক্ৰীড়াৰ পৰিবেশে পুনৰ অতীতৰ স্মৃতি সজীৱ কৰিছে বুলি মন্তব্য কৰিছে।ইপিনে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ সভাপতি সুনীল ভট্টাচাৰ্যই নিজৰ দৈনন্দিন ব্যস্ততাৰ মাজতে এইদৰে আপোন মহাবিদ্যালয়খনৰ উক্ত কাৰ্যসূচীত শতাধিক প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থাকি যি মহাবিদ্যালয়ৰ প্ৰতি অনুগত্য প্ৰদৰ্শন কৰিছে সেয়া অতি আদৰণীয় বুলি অভিহিত কৰি আগলৈও এইদৰে মহাবিদ্যালয়ৰ প্ৰতিটো কাৰ্যসূচীত সকলো ছাত্ৰ ছাত্ৰীৰে পূৰ্ণ সমৰ্থন কামনা কৰিছে আৰু ক্ৰীড়াৰ মাজেৰে সমন্বয় গঢ়াৰ এই চেষ্টা অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰিছে।