Watch | Wife stabbed Husband: বিশ্বনাথত পত্নীৰ দাৰ ঘাপত মৃত্যু স্বামীৰ
বিশ্বনাথ: বিশ্বনাথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীৰ দাৰ ঘাপত প্ৰাণ গল স্বামীৰ। উল্লেখ যে বিশ্বনাথৰ মিজিকাজান চাহ বাগিচাৰ হাস্পতাল লাইনৰ নিবাসী চন্দন কিষানক আজি বিয়লি তেওঁৰে পত্নী অনিশা কিষানে দাৰে ঘপিয়াই হত্যা কৰে। তাৰ পিছতে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক জনাই। লগে লগে বিশ্বনাথ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্হিত হৈ হত্যাকাৰী পত্নী অনিশা কিষনাক গ্ৰেপ্তাৰ কৰে আৰু মৃত দেহটো উদ্ধাৰ কৰি মৰনোত্তৰ বাবে প্ৰেৰণ কৰে। আনফালে হত্যাকাৰী অনিশা কিষানে সাংবাদিকৰ কেমেৰাৰ সন্মূখতে নিজ মৃত স্বামীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদান কৰি কয় যে প্ৰতিদিনে স্বামীৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰি এইদৰে হত্যা কৰে নিজ স্বামীক। এই হত্যা কাণ্ডই সমগ্ৰ বিশ্বনাথতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।