Watch | Police arrest two assailants of MP Rakibul Hussain: সাংসদ ৰকিবুল হুছেইনৰ ২ আক্রমণকাৰীক আটক আৰক্ষীৰ
গুৱাহাটী: ২০ ফেব্ৰুৱাৰীত ৰূপহীহাটত মুখত কাপোৰ বান্ধি এটা দুর্বৃত্তৰ দলে আক্ৰমণ কৰিছিল সাংসদ ৰকিবুল হুছেইন আৰু তেখেতৰ পুত্ৰক। গুণাবাৰীলৈ গৈ থকা অৱস্থাত সাংসদগৰাকীক প্ৰহাৰ কৰিছিল।বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে ১০ অভিযুক্তৰ নাম, ঠিকনা প্ৰকাশ কৰিছিল। অৱশেষত ১১ দিনৰ পাছত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ২ আক্ৰমণকাৰীক।তামুলীটুপৰ বছিৰ আৰু ৰৌমাৰীৰ খালেক নামৰ ২ আক্ৰমণকাৰীক আটক কৰে আৰক্ষীয়ে।