Local, Vocal, Global

Watch | Alumni Forum built school house: পাঁচ লক্ষ্যাধিক ব্যয় সাপেক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চই সাজিলে বিদ্যালয় গৃহ

গুৱাহাটী: নিজৰ শৈশৱ,কৈশোৰ তথা জীৱনৰ আদিপাঠ আৰম্ভ কৰা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰতি নিজৰ দ্বায়িত্ব পালন কৰি টীয়কৰ জগদুৱাৰ ২৩২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চই প্ৰায় পাঁচ লক্ষ্যাধিক টকা ব্যয় কৰি বিদ্যালয়ৰ গৃহ পুনৰনিৰ্মাণ কৰি এক আদৰ্শ প্ৰদৰ্শন কৰিছে।আন্ত:গাথনি মেৰামতিৰ অভাৱত উক্ত বিদ্যালয়খনৰ অৱস্থা শোচনীয় হৈ পৰাত বিদ্যালয়ৰ একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী গোট খাই বিদ্যালয়খনত বৰ্তমান অধ্যয়নত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এক পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ১৮ ডিচেম্বৰ ২০২২ চনত প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ গঠন কৰি প্ৰথমে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰাই আৰ্থিক বৰঙণি সংগ্ৰহ কৰে।

আৰু পৰৱৰ্তী সময়ত বৃহত্তৰ টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সহযোগত উক্ত বিদ্যালয় গৃহটি আটকধুনীয়া সাজি ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়ে।লগতে বিদ্যালয়ৰ চৌহদৰ পকী বেৰা,বিদ্যালয়ৰ প্ৰবেশদ্বাৰ তোৰণ আদি নিৰ্মাণ কৰি সুন্দৰকৈ ৰং তেল সানি বিদ্যালয়খনত এক সুন্দৰ শৈক্ষিক পৰিৱেশ সজাই তুলিবলৈ সক্ষম হয়।যাৰ ফলশ্ৰুতিত সমগ্ৰ শিক্ষা যোৰহাট জিলাৰ অধীনত বিদ্যাঞ্জলি কাৰ্যসূচীৰ জড়িয়তে মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত উক্ত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চক এই নিস্বাৰ্থ সেৱাৰ বাবে এইবৰ্ষৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক সন্মানেৰে সন্মানিত কৰা হৈছে।

সেয়ে এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,শিক্ষক কৰ্মচাৰী,পৰিচালনা সমিতি তথা স্থানীয় ৰাইজ।সেই লৈ আজি পুৱা প্ৰাৰ্থনা সভাৰ পিছতে সকলো শুভাকাংক্ষী বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈ এই শুভ দিনটো উদযাপন কৰে আৰু আগলৈও এইদৰে বিদ্যালয়খনৰ উন্নয়নৰ হকে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰাৰ লগতে আধৰুৱা কামকাজ সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ পৰা সহযোগিতা আশা কৰিছে।