Watch | Mushalpur Handloom Training: মুছলপুৰত কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল হস্ততাঁত প্ৰশিক্ষণ কৰ্মশালা
গুৱাহাটী: বাক্সা জিলা আয়ুক্ত আৰু কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিষয়াববীয়াই পৰিদৰ্শন কৰে প্ৰশিক্ষণ কেন্দ্ৰ। বিটিআৰৰ শিপিনীসকলক ডিজিটেল মাধ্যমেৰে বয়ন শিল্পৰ দ্বাৰা অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ প্ৰয়াসেৰে বাক্সা জিলাৰ মুছলপুৰত দুদিনীয়া কৈ অনুষ্ঠিত কৰ্মশালাৰ আজি দ্বিতীয়টো দিন ৷
মুছলপুৰস্থিত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাকক্ষত “শিপিনীৰ জীৱিকাৰ অৰ্থে তথ্য আৰু যোগাযোগ প্ৰযুক্তি সঁজুলিৰ প্ৰয়োগ” শীৰ্ষক কৰ্মশালাত আজি উপস্থিত থাকে বাক্সা জিলা আয়ুক্ত গৌতম দাস আৰু কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কেবাগৰাকীও বিষয়াববীয়া। কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত আৰু চিডেক, কলকতা তথা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আয়োজিত হৈছে এই কৰ্মশালা। থলুৱা শিপিনী সকলক আগবঢ়াই নিয়াৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য জিলা আয়ুক্ত গৌতম দাসৰ ।