Watch | Massive deforestation in boko: বকোৰ ভিন্ন স্থানত বনজ সম্পদৰ ওপৰত লুন্ঠন
গুৱাহাটী: নদীৰ বুকুত বালি খননৰ ফলত জন জীৱন অতিষ্ঠ। নিৰ্বিকাৰ চৰকাৰী সংশ্লিষ্ট বিভাগ।ৰাজ্যৰ বনজ সম্পদ সুৰক্ষাৰ বাবে থকা বন বিভাগৰ দায়িত্বহীনতাৰ বাবে বনজ সম্পদ লুপ্তপ্ৰায় হ’ব ধৰিছে। একাংশ লুন্ঠনকাৰী তথা অসাধু বণিকৰ কু কৰ্ম কাণ্ডৰ বাবে ধ্বংস যজ্ঞত পৰিণত হৈছে বনজ সম্পদ। বকো শিংৰা নদীৰ তাৰাবাৰী এলেকাৰ।
বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ এলেকাধীন নগৰবেৰাস্থিত নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ এলেকা তাৰাবাৰীৰ নিচেই কাষতে চন্দ্ৰা-বৰুৱাত নদীৰ বুকুত দীৰ্ঘদিনে চলিছে বালি খনন।এই বালি খননৰ ফলত জন জীৱন অতিষ্ঠ হৈ পৰিছে বুলি জানিব দিয়ে অঞ্চলটোৰ সচেতন ৰাইজে। এই দৃশ্য বন বিভাগৰ লোকে দেখিও নেদেখাৰ ভাও ধৰি আহিছে। এনেকৈ দুষ্ট চক্ৰই ৰহস্য জনক ভাৱে বন বিভাগৰ চকুৰ সম্মুখেৰে লুন্ঠন কৰি আহিছে মূল্যৱান বনজ সম্পদ। হ্ৰাস পাইছে স্থানীয় ৰাইজৰ সা সুবিধা। ধ্বংস হৈছে বালি শিল সৰবৰাহ কৰা তথা ৰাইজৰ যাতায়াতৰ ৰাস্তা ঘাট।