Local, Vocal, Global

Watch | District Congress protests in Dhubri: ধুবুৰীত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী: ৰূপহীহাটৰ নতুন বজাৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি ধুবুৰীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ উদ্যোগত এক উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত হয়।

দলটোৰ ধুবুৰী জিলাৰ সভাপতি আবেদুৰ জামানৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ চৰকাৰ বিৰোধী বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লোগানেৰে ৰাজীৱ ভৱন চৌহদ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলৰ দাবী যি চৰকাৰে এগৰাকী সংসদক নিৰাপত্তা দিব নোৱাৰে সাধাৰণ ৰাইজক কি নিৰাপত্তা দিব। এয়া ৰাজনৈতিক ষড়যন্ত্ৰ যাৰবাবে দুৰ্বৃত্তক কৰায়ত্ব কৰিব পৰা নাই।
ঘটনা সংঘটিত হোৱা স্থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ দাবী উত্থাপন কৰে কংগ্ৰেছৰ কৰ্মী সকল।
প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে ।