Rangia News:মৰাণফাণ্ডলৈ পৰিণত হৈছে ৰঙিয়াৰ পদপথ
ৰঙিয়া,১৮ফেব্ৰুৱাৰী : মৰাণফাণ্ডলৈ পৰিণত হৈছে ৰঙিয়াৰ পদপথ ৷ কুম্ভকৰ্ণ নিদ্ৰাত লোকনিৰ্মাণ বিভাগৰ লগতে ৰঙিয়া পৌৰসভা।
ৰঙিয়াত নগৰলৈ পদপথেৰে অহা লোক সকল সাৱধান। কাৰণ যি কোনো মূহুৰ্ততে পদ পথৰ গাঁতত সোমাব পাৰে আপুনি। কিয়নো ৰঙিয়া নগৰৰ পদ পথ পৰিণত হৈছে এতিয়া মৰাণফাণ্ডলৈ।এনে এক দূৰ্ঘটনা সংঘটিত হল ৰঙিয়াৰ এগৰাকী শিক্ষয়ত্ৰীৰ লগত(Rangia News)।
ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰী আহি আছিল মহাত্মা গান্ধী পথৰ পদপথেৰে। ঠিক সেই সময়তে শিক্ষয়ত্ৰীগৰাকীৰ লগত ঘটিল এক আকস্মিক দুৰ্ঘটনা। হঠাৎ পদপথৰ ওপৰত হৈ থকা গাঁতত সোমাই গ’ল ভৰি আৰু গুৰুতৰভাবে আহত হয় শিক্ষয়ত্ৰীগৰাকী।লগে-লগে ওচৰতে থকা ব্যৱসায়ী সকলে শিক্ষয়ত্ৰী গৰাকীক উদ্ধাৰ কৰি ওচৰতে থকা ফাৰ্মাচী এখনলৈ লৈ গৈ প্ৰাথমিক চিকিৎসা কৰে।গতিকে ৰঙিয়া নগৰলৈ পদ পথেৰে অহা লোক সকল সাৱধান।
এতিয়া প্ৰশ্ন হয়?কেতিয়ালৈ ৰঙিয়াৰ পদ পথত এনেধৰণ দুৰ্ঘটনা সংঘটিত হৈ থাকিব?কেতিয়া চকু খোল খাব বিভাগীয় কতৃপক্ষৰ?নে এনেকৈয়ে দৈনিক এটাৰ পিছত এটাকৈ এনেধৰণৰ দূৰ্ঘটনাত পতিত হৈ ঘূণীয়া হৈ যাব সাধাৰণ জনতা। ই এক ডাঙৰ প্ৰশ্ন। অকল চমক সৃষ্টি কৰাৰ বাবেই মেৰামতিৰ অভিনয় নে অইন কিবা৷ই এক লাখটকীয়া প্ৰশ্ন যাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত।বাতৰি সম্প্রচাৰৰ পিছত কি ব্যৱস্থা গ্রহণ কৰে বিভাগীয় কতৃপক্ষই সেয়া সময়তহে লক্ষ্যণীয় হ’ব।
লগতে পঢ়ক:Massive fire breaks out in Bilasipara: বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা