Ali Ai Ligang: ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আই লিগাং উদযাপন কৰিব

ধেমাজি,১৮ ফেব্ৰুৱাৰী : ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আই লিগাং উদযাপন কৰিব। ধেমাজি বেঙেনাগড়া সৰু অজুহাত গাঁৱত আলি আই লিগাং উলহ-মালহে উদযাপন কৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি। গাৱঁবোৰত মৰংঘৰ সাজিছে৷ খেৰ বাঁহ বেটৰে নিৰ্মাণ কৰা মৰংঘৰ বোৰ বোৰৰ এক জনজাতীয় পৰম পৰা আছে(Ali Ai Ligang)৷
সেই দৰে ছাঁ আপং বনৰীয়া শাক গাহৰি মঙহ মাছ আদি ৰাইজে সংগ্ৰহ কৰি নানা খাদ্য প্ৰস্তুত কৰা দেখা গৈছে৷ কাইলৈ মুল কৃষি উৎসৱ পালন কৰা হব৷ আচলতে মিছিং সকলে ফাগুন মাহৰ পহিলা বুধবাৰে এই বীজ ৰোপণ উৎসৱটো পালণ কৰে৷ কাইলৈ ৰাতিপুৱাই পথাৰত বীজ ৰোপন কৰি লিগাং পালন কৰা পিছত নানা জাতীয় খাদ্য নীতি আৰু সংস্কৃতিৰ সম্ভাৰে লিগাং পালন কৰাৰ বাবে আজিৰ পৰা নানা প্ৰস্তুতি ৰাইজে হৈছে ৷
লগতে পঢ়ক:Rangia News:মৰাণফাণ্ডলৈ পৰিণত হৈছে ৰঙিয়াৰ পদপথ