Road Accident: বাইক আৰু টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ
হাটশিঙিমাৰী,১৮ফেব্ৰুৱাৰী : মানকাচৰৰ দিয়াৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
নিশা মানকাচৰৰ দিয়াৰা বজাৰত বাইক আৰু টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় হাৰুণ বাদশা নামৰ ( ২২ এজন যুৱক(Road Accident)।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীত মানকাচৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক:Jamugurihat News: ৰঙাপৰাৰ কলনী চাহ বাগিচাত শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰ প্ৰতিষ্ঠা