Local, Vocal, Global

Dilapidated bridge in Nagarbera: এখন জৰাজীৰ্ণ বাঁহৰ দলং

নগৰবেৰা,১৮ফেব্ৰুৱাৰী : যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা(Dilapidated bridge in Nagarbera)।

স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও । জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাতায়ত গাঁওবাসীৰ । স্বাধীনতাৰ ৭৬ বছৰ পাৰ হৈ যোৱাৰ পিছটো নিৰ্মাণ হৈ নুঠিলে কামৰূপৰ নগৰবেৰা আৰু বৰপেটা জিলাৰ মাজৰচৰ সংযোগ দলং।

বৃটিছৰ দিনৰ পৰাই দুয়োখন জিলাক পৃথক কৰি ৰখা জলজলি নদী বাৰিষা কালত নাৱেৰে আৰু খৰালি কালত পাৰাপাৰ হয় বাঁহৰ সাঁকোৰে। যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভূগি অহা দুয়োখন জিলাৰ লোকে জলজলি নদীৰ ওপৰত দলং নিৰ্মাণ হলে দুয়োখন জিলাৰ লক্ষাধিক লোকৰ সকলো প্ৰকাৰৰ উন্নয়ণ হব ক্ষীপ্ৰতৰ।

দুয়োখন জিলাক সংযোগ কৰি দলং নিৰ্মাণ কৰি মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰদান কৰা আশ্বাসক বাস্তৱিক ৰূপ দিয়াৰ দাবী জনাইছে কামৰূপ আৰু বৰপেটা জিলাবাসীয়ে।

লগতে পঢ়ক :Road Accident: বাইক আৰু টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষ