singer Simanta Shekhar: ৰাজীৱ শদিয়াৰ গান চুৰি কৰিছিল নেকি সীমান্ত শেখৰে ?
নিউজ ডেস্ক,১২ফেব্ৰুৱাৰী : গায়ক সীমান্ত শেখৰে গান চোৰ কৰে নেকি? ৰাজীৱ শদিয়াৰ গান চুৰি কৰিছিল নেকি সীমান্ত শেখৰে ?
ৰাজীৱ শদিয়াৰ গান চুৰ কৰি বাঃ বাঃ লৈছে নেকি সীমান্ত শেখৰে ?
সামাজিক মাধ্যমত তোলপাৰ লগাই দিয়া এটা কমেন্ট। ২০২৪ চনৰ ১ আগষ্টত গায়ক সীমান্ত শেখৰে এটা পোষ্ট কৰিছিল। পোষ্টটোত লিখিছিল। আগন্তুক ৫৩ সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ (IFFI Goa) ত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহু কেইগৰাকী জনপ্রিয় চলচ্চিত্র অভিনেতা-অভিনেত্ৰীয়ে। তাৰে প্ৰস্তুতিত আমাৰ গান “জিলেলে জিলেলে”ত এক নৃত্য দেখি খুবেই আপ্লুত হৈছোঁ। কেপচনৰ লগতে এইটো ভিডিও আপলোড কৰিছিল সীমান্ত শেখৰে। সীমান্ত শেখৰৰ পোষ্টটোতৰাজীৱ শদিয়াই এটা কমেন্ট কৰিছিল। যত কোৱা হৈছে এইটো মোৰহে গান আছিলে। পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূর্ণ তথ্য লৈ কৰিব। আপুনি জনা বুজা মানুহ বিশেষ নকওঁ(singer Simanta Shekhar)।
সামাজিক মাধ্যমত ৰাজীৱ শদিয়াৰ কমেন্টক লৈ এতিয়া চৰ্চা চলিছে । সঁচাই গায়ক সীমান্ত শেখৰে ৰাজীৱ শদিয়াৰ গান চুৰ কৰি বাঃ বাঃ লৈছে নেকি। এতিয়া আপোনালোকে কি কব এই এনে কাৰ্যক।
লগতে পঢ়ক :Sensational incident:এগৰাকী নৱ-বিবাহিত মহিলাৰ চিপ লৈ আত্মহত্যা